অসম

নলবাৰী জিলা কংগ্ৰেছৰ মুখপাত্ৰ  দিব্যজ্যোতি হালৈক জেললৈ প্ৰেৰণ

প্ৰথম খবৰ, নলবাৰী: হালৈয়ে বিগত দীৰ্ঘদিন ধৰি নিজৰ সামাজিকভাৱে বিবাহ কৰাই অনা পত্নীক অকথ্য মানসিক তথা শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ  অভিযোগ উঠিছে। এনে অভিযোগৰ বাবে শেহতীয়াকৈ তেওঁৰ পত্নীয়ে নলবাৰী সদৰ থানাত এজাহাৰ দিছিল। শনিবাৰে নিশা  আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই আৰু গ্ৰেপ্তাৰ কৰে। কালি দেওবাৰ থকা বাবে আজি আদালতত হাজিৰ কৰাত আদালতে জেললৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে তথাকথিত নলবাৰী জিলা  কংগ্ৰেছ মুখপাত্ৰ দিব্যজ্যোতি হালৈয়ে সততে সভা – সমিতিৰ লগতে ছ’চিয়েল মিডিয়া আদিত চৰকাৰ, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী ,শিক্ষামন্ত্ৰীকেধৰি সকলো কথাতে বিৰুদ্ধাচৰণ কৰি চিঞৰি থকাৰ সময়তে এইগৰাকী নেতাই নিজৰ অগ্নিক সাক্ষী কৰি পত্নীৰ মৰ্যদা দিয়া এগৰাকী  অৱলা নাৰীকে নিৰ্যাতন চলোৱাৰ অভিযোগ উঠা বিষয়টো তীব্ৰ চৰ্চা লাভ কৰিছে।

Related Articles

Leave a Reply

Close