অসম

নাবালিকা ধৰ্ষণকাৰীক কৰায়ত্ত

প্ৰথম খবৰ, অভয়াপুৰী: অভয়াপুৰী আৰক্ষীৰ জালত পৰিল পংকজ মণ্ডল নামৰ পাষণ্ডটো । বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী ডুমেৰগুৰিৰ তৃতীয়খণ্ড ২৪ মে’ত সংঘটিত পংকজ মণ্ডলে সংঘটিত কৰিছিল এক জঘন্য কাণ্ড ৷ এটি সন্তানৰ পিতৃ পংকজ মণ্ডলে ৫ বছৰীয়া নাবালিকাৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন। উক্ত দুষ্কাৰ্য সংঘটিত কৰিয়ে লম্পট পংকজে পলায়ণ কৰে ৷ দুস্কাৰ্যৰ বলি কন্যা শিশুটিৰ পৰিয়ালে ন্যায় বিচাৰি  ২৫মে’ত লম্পট পংকজৰ বিৰুদ্ধে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ এই সৰ্ন্দভত অভয়াপুৰী আৰক্ষী থানাই পংকজ মণ্ডলৰ বিৰুদ্ধে ৩৯৮/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰি আৰক্ষীয়ে লম্পট পংকজৰ সন্ধান অব্যাহত ৰাখিছিল ৷ অৱশেষত লেংটিছিঙা বজাৰত আৰক্ষীয়ে পাষণ্ড পংকজক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close