অসম

নামনি অসমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ শূণ্য উপস্থিতিক লৈ উদ্বিগ্ন বিদ্যালয় পৰিচালনা সমিতি-অভিভাৱক: টিপলাইত শিক্ষক ছাত্ৰ-ছাত্ৰীৰ ঘৰে-ঘৰে হোম ভিজিট

প্ৰথম খবৰ, টিপলাই : নামনি অসমৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে বেজীৰ আতঙ্ক ৷ ভেকচিন আতঙ্কত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ শূণ্য উপস্থিতিয়ে বিপাঙত পেলাইছে শিক্ষক , বিদ্যালয় পৰিচালনা সমিতি সমূহৰ লগতে অভিভৱক সকলক৷ অৱশ্যে বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বঢ়োৱাৰ উদ্দেশ্যে শিক্ষক-শিক্ষয়িত্ৰী সকলোৰ লগতে বিদ্যালয় পৰিচালনা সমিতি সমূহে বিভিন্ন বিদ্যালয়ত ৰাইজৰ মাজত সজাগতা মূলক সভা অনুষ্ঠিত কৰি থকাও দেখা গৈছে ৷ এনে অৱস্থাত আজি গোৱাল পাৰা জিলাৰ দুধনৈ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ টিপলাইৰ সমীপৰ ৮৫৫ নম্বৰ কঠোৰ বড়ী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষেশ্বৰ কলিতা , সহকৰী শিক্ষয়িত্ৰীদ্বয় কল্পনা দাস আৰু আঞ্জুমনি দাসে বিদ্যালয় খনৰ প্ৰায় ৩৫ জন ছাত্ৰ-ছাত্ৰীক লগত লৈ গোটেই গাঁওখনতে ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰে-ঘৰে গৈ হোম ভিজিট কৰে ৷ একাংশ অভিভাৱক তথা মাতৃয়ে আগন্তুক এমাহলৈ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ নপঠায় বুলি জানিবলৈ দিয়াত স্বাভাৱিকতে বিপাঙত পৰিছে শিক্ষক-কৰ্মচাৰী সকল ৷ মন কৰিবলগীয়া যে বিগত এসপ্তাহ ধৰি বিদ্যালয় খনৰ মুঠ ১১০ জন ছাত্ৰ-ছাত্ৰীৰ মাত্ৰ ৩০-৩৫ জনকৈ ছাত্ৰ-ছাত্ৰীহে বিদ্যালয়ত উপস্থিত হোৱাত বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বেজীৰ আতঙ্কৰ পৰা পৰিত্ৰাণ পোৱাৰ আৰু ৰাইজৰ মাজত সজাগতা আনি শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ উদ্দেশ্যে শুকুৰবাৰে পুনৰ বিদ্যালয়খনত পৃথকে-পৃথকে অভিভাৱক সভা আৰু মাতৃ সন্মিলনৰ আয়োজন কৰা হৈছে বুলি জনাইছে বিদ্যালয় খনৰ প্ৰধান শিক্ষক লক্ষেশ্বৰ কলিতাই ৷

Related Articles

Leave a Reply

Close