অসম

নামৰূপত চাঞ্চল্যকৰ ঘটনা:শিক্ষকৰ হেমাহিৰ বাবে প্ৰাণ গ’ল ছাত্ৰীৰ

প্ৰথম খবৰ, নাহৰকটীয়া: নামৰূপত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পানী আনিবলৈ গৈ নিহত হ’ল এগৰাকী কণমানি ছাত্ৰী। পৰিয়ালৰ অভিযোগ শিক্ষকৰ হেমাহিৰ বাবে প্ৰাণগ’ল ছাত্ৰীগৰাকীৰ।নামৰূপ ২নং দিল্লীঘাট প্ৰাথমিক বিদ্যালয়ৰ মুনমি কলিতা নামৰ প্ৰথম শ্ৰেণীৰ  ছাত্ৰীগৰাকীয়ে সোমাবাৰে পানী আনিব গৈছিল বিদ্যালয়ৰ পানীখোৱা ছুটিৰ সময়ত। কিন্তু পানীলৈ আৰু ঘুৰি নাহিল মুনমি। শিক্ষক তথা পৰিয়ালৰ বিচাৰ খোজাৰ লাগিল কিন্তু কোনো সন্ধান নোলাল মুনমিৰ। সন্ধিয়া বিদ্যালয়ৰ কাষতে থকা মণি ঘোষ নামৰ লোকজনৰ শিলৰ খাদানত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হ’ল কণমানি ছাত্ৰী মুনমি।ইফালে পৰিয়ালৰ অভিযোগ অনুসৰি বিভিন্ন সময়ত পাঠদান এৰি লুডু খেলাত ব্যস্ত থকা বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ হেমাহিৰ বাবেই প্ৰাণগ’ল ছাত্ৰীগৰাকীৰ। উল্লেখ্য যে নামৰূপৰ একাংশ শিল মাফিয়াই নামৰূপ যেনিয়ে তেনিয়ে শিল আহৰণৰ বাবে সৃষ্টি কৰিছে প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ খাদান। মণি ঘোষ নামৰ এনে এজনলোকৰ খাদানত সোমবাৰে এইদৰে এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নামৰূপত।ইতিমধ্যে নামৰূপ আৰক্ষীয়ে মঙ্গলবাৰে পুৱা ছাত্ৰীগৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close