অসম

নাহৰকটীয়াত জঘন্য হত্যাকাণ্ড

প্ৰথম খবৰ, নাহৰকটীয়া: নাহৰকটীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিমৰাত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। অচিনাক্ত কোনোলোকে অতি হাত,ভৰি, মূৰ ছিন্ন কৰি অতি নৃশংসভাবে হত্যা কৰে নাহৰকটীয়া চাচনীৰ মিন্টু শইকীয়া নামৰ যুৱকজনক। প্ৰায় এমাহ পূৰ্বে বিবাশপাহত আৱদ্ধ হোৱা মিন্টুৱে সোমবাৰে সন্ধিয়া নাহৰকটীয়া নগাঁওত অনুষ্ঠিত হোৱা বিহু সন্মিলনৰ আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহিছিল আৰু মঙ্গলবাৰে পুৱা ক্ষত বিক্ষত অৱস্থাত বালিমৰা ৰেলষ্টেচনৰ সমীপত উদ্ধাৰ হয় মিন্টুৰ মৃতদেহ। ইফালে মিন্টুৰ বুলেট মটৰচাইকেলখন নাহৰকটীয়াৰ চাউথবেংকত উদ্ধাৰ হোৱাৰ বিপৰীতে মণিপাৰ্ছ আৰু অন্যান্য নথিপত্ৰ সত্যনাৰায়ণ চাহ বাগিছাত। হত্যাকাৰীয়ে অতি শীতল মস্তিস্কৰে হত্যা কৰা বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে। এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। ইতিমধ্যে নাহৰকটীয়া আৰক্ষীয়ে যুৱকজনৰ ক্ষত বিক্ষত মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close