অসম

নাৰায়ণপুৰত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ, নাৰায়ণপুৰ: নাৰায়ণপুৰ যখৰীয়াৰ পৰা ৰঙতি শিমলুগুৰি আৰিমৰা ঘাটসংযোগী পথৰ ক্ৰছৱে’ৰ ওপৰত অচিৰে দলং নিৰ্মাণৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰঙতি আঞ্চলিকে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, বাৰিষা একাঁঠু পানীৰ ওপৰেদি শিমলুগুৰি আৰু ৰাজগড় পঞ্চায়তৰ জনসাধাৰণ তথা ছাত্ৰ-ছাত্ৰীসকল বিপদসংকুল ভাৱে যাতায়াত কৰিবলগীয়া হয়। আজিকোপতি ৰজাঘৰীয়াই কাণষাৰ নিদিয়াত গাঁও পঞ্চায়ত, গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতি। প্ৰতিবাদ কাৰ্যসূচীৰ অন্তত ৰাজহ চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে দলং নিৰ্মাণকে ধৰি মুঠ ৬টা দাবীসম্বলিত স্মাৰক পত্ৰ উপায়ুক্ত মহোদয়লৈ প্ৰেৰণ কৰে কৃষক মুক্তিৰ কৰ্মীসকলে।

Related Articles

Leave a Reply

Close