অসম

নাৰায়ণপুৰৰ জামুগুৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়া : ভলুকা বাঁহেৰে খহনীয়া ৰোধৰ চেষ্টা

প্ৰথম খবৰ, নাৰায়ণপুৰ : বাৰিষাৰ আৰম্ভণিতে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জামুগুৰি পঞ্চায়তৰ বহুকেইখন গাঁৱত লুইতৰ খহনীয়াত জাহ গৈছে বহুকেইটা ঘৰ-বাৰী তথা কৃষিভূমি। বহু পৰিয়ালে বসবাস কৰিবলগীয়া হৈছে মথাউৰিত। আজিলৈকে বিভাগে কোনো স্থায়ী সমাধান নকৰাত ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী। শেহতীয়াকৈ কেইডালমান ভলুকা বাঁহেৰে জলসম্পদ বিভাগে পাৰ্কোপাইন নিৰ্মাণ কৰিছিল, সেইসমূহো অতি নিম্নমানৰ হোৱা বাবে নিৰ্মাণ কৰি থাকোঁতেই ভাঙি যোৱা পৰিলক্ষিত হৈছে ।

Related Articles

Leave a Reply

Close