অসম

নীলাক্ষী সোঁৱৰণী জুনিয়ৰ কলেজৰ প্রতিষ্ঠা দিৱসত শৈক্ষিক পৰামৰ্শ সভা, এম্বুলেন্স সেৱা মুকলি

প্ৰথম খবৰ, জাঁজী: শিৱসাগৰ জিলাৰ আমগুৰিৰ চামগুৰিত নতুনকৈ স্থাপন কৰা নীলাক্ষী সোঁৱৰণী জুনিয়ৰ কলেজৰ প্ৰথম প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে শিক্ষানুষ্ঠানখনৰ দ্বাৰা এখন বিনামূলীয়া এম্বুলেন্স সেৱা মুকলি কৰা হয়। শিক্ষানুষ্ঠানখনৰ আজি অনুষ্ঠিত শৈক্ষিক পৰামৰ্শ সভাত বিশিষ্ট সাংবাদিক তথা প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, জাঁজী হেঃনাঃশঃ মহাবিদ্যালয়ৰ অধ্যক্ষ মানজিৎ গগৈ, বজালী বিএড কলেজৰ অধ্যক্ষ হোমেশ্বৰ দাস, ৰামানুজ জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close