অসম

পানেৰীত পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত কন্ঠশিল্পী

প্ৰথম খবৰ,টংলা: ওদালগুৰি জিলাৰ পানেৰীত কালি সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত উদীয়মান কন্ঠ শিল্পী ফুকন বড়ো আৰু তেওঁৰ বন্ধু দুৰ্গা বড়ো গুৰুতৰভাৱ আহত হয় ৷ শিল্পীজনে বন্ধুৰ সৈতে মঙলদৈ-ভূটীয়চাং পথেৰে খোজ কাঢ়ি গৈ থকা সময়তে এ এছ ০১ এ ভি ৯৬৭৯ নম্বৰৰ এল্ট’ ৮০০ বাহনখনে গুৱাহাটীৰ পৰা ভূটীয়াচাং বাগিছালৈ উভতাৰ পথত এটা বিদ্যুতৰ খুটাত খুন্দিওৱাত পথচাৰী দুজন গুৰুতৰভাৱে আহত হয় ৷ আহত দুজনক টংলাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰৰণ কৰে ৷ বৰ্তমান আহতদ্বয় সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close