অসমশীৰ্ষ

পিপাৰছেনিয়াৰ টাৰ্গেট কিয় সংবাদ মাধ্যম

ষ্টাফ ৰিপ’ৰ্টাৰ, প্ৰথম খবৰ: মৰেল পুলিচৰ ৰূপত পিপাৰছেনিয়া। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক নাকি লগোৱাৰ অভিসন্ধি ৰচনা কৰি এক বিতৰ্কিত মন্তব্য কৰিছে অসম চৰকাৰৰ মুখ্য সচিব আইএএছ বিষয়াগৰাকীয়ে। সংবাদ মাধ্যমৰ চেঞ্চৰৰ পোষকতা কৰা পিপাৰছেনিয়াৰ এই বাতৰিয়ে স্বাভাৱিকতেই ৰাজ্যত খলকনি তুলিছে। কিন্তু ভাৰতবৰ্ষৰ সংবিধানে সংবাদ মাধ্যমক বাতৰি পৰিবেশনৰ ক্ষেত্রত স্বাধীনতা দিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বহুকেইজন জ্যেষ্ঠ অধিবক্তাই প্ৰথম খবৰৰ আগত মন্তব্য প্ৰকাশ কৰিছে যে মিডিয়াৰ সম্পূৰ্ণ অধিকাৰ আছে ৰাইজক শুদ্ধ খবৰ দিয়াৰ। ভাৰতকে লৈ সমগ্ৰ বিশ্বত বৰ্তমানলৈকে কোনো আইন বলবৎ কৰা হেৱা নাই যিয়ে সংবাদ মাধ্যমক বাতৰি পৰিবেশনত বাধা দিব পাৰিব। এনে অৱস্থাত মুখ্য সচিবগৰাকীৰ মন্তব্যক অপ্ৰত্যাশিত বুলি মন্তব্য কৰিছে অধিবক্তাকেইজনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close