অসম

পুত্ৰৰ অনুত্তীৰ্ণ খবৰ পাই আত্মহত্যা কৰিলে মাতৃয়ে, নিৰুদ্দেশ পুত্ৰও

প্ৰথম খবৰ, বগীনদী: আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বাবে এক কৰুণ ঘটনা সংঘটিত হয় বগীনদীত। বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বালিজান সৰু দিজ্জু গাঁৱত এগৰাকী মাতৃয়ে পুত্ৰই আজিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফেইল কৰাৰ বাবে বেদনাহত হৈ আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বগীনদীবাসীক মৰ্মাহত কৰি তুলিছে। বালিজান সৰুদিজ্জু অংগনাৱাড়ী কেন্দ্ৰৰ কৰ্মী মঞ্জু বৰা চুতীয়া( ৩৫) নামৰ মাতৃগৰাকীয়ে নিজৰ কনিষ্ঠ সন্তান বিমান চুতীয়াই পৰীক্ষাত ফেইল কৰাৰ খবৰ পাই ফুৰাডন নামৰ বিষাক্ত কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে মৃত মাতৃ গৰাকীৰ পুত্ৰ বিমান চুতীয়াও ৰিজাল্ট আনিবলৈ গৈ বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে। ওচৰ চুবুৰীয়া তথা আত্মীয় সকলে বহুতো বিচাৰ কৰিও বিমানৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। আজি পুৱা প্ৰায় ১১ বজাত পুত্ৰৰ ৰিজাল্টৰ বাবে আত্মহত্যা কৰা মাতৃগৰাকীক বগীনদী আৰু লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসক সকলে সুস্থ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও অৱশেষত মাতৃগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি লয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close