অসম

পুৰণিগুদামত পথ দুৰ্ঘটনা

প্ৰথম খবৰ,বঢ়মপুৰ: নগাওঁ জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত কাষৰি গাঁৱত আজি বিয়লি এক পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে এ এচ০১-ৱাই-৭১৭১ নম্বৰৰ মিঠাতেল ভৰ্ত্তি এখন ট্ৰাক গুৱাহাটীৰ পৰা উজনি অসমৰ দিশে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই কাষৰিগাঁৱৰ পথৰ দাঁতিৰ দ’ খাৱৈত বাগৰি পৰে।ঘটনা সংঘটিত হোৱা পাছতেই গাড়ীখনৰ চালক আৰু হেন্দিমেনে পলায়ন কৰে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনৰ লগতে মিঠাতেল খিনি জব্দ কৰে যদিও অধিকাংশ মিঠাতেলেই পথচাৰীয়ে হৰলুকি কৰে।

Related Articles

Leave a Reply

Close