অসম

প্ৰকল্প পৰিদৰ্শণ মন্ত্ৰী ৰঞ্জিত দত্তৰ

প্ৰথম খবৰ,শালবাৰী : বাক্সা আৰু বৰপেটা জিলাৰৰ সীমামূৰীয়া লাউগাঁৱত পহুমাৰা নদীত ২৬ খন পানী দুৱাৰেৰে স্থাপিত এক বৃহৎ জলসিঞ্চন প্ৰকল্প পহুমাৰা জলসিঞ্চন প্ৰকল্পটো আজি পৰিদৰ্শণ কৰে অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই । মন্ত্ৰী দত্তই কৃষক ৰাইজৰ পৰা পহুমাৰা জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে খেতি পথাৰত পানী যোগান ধৰাৰ ক্ষেত্রত পোৱা সুবিধা-অসুবিধাৰ বুজ লৈ কয়— অহা পোন্ধৰ দিনৰ ভিতৰত পহুমাৰা জলসিঞ্চন প্ৰকল্পত থকা কাৰিকৰী বিজুতি আঁতৰ কৰা হব । চলিত বৰ্ষৰ পৰাই ৰবি আৰু খাৰিফ খেতিৰ বাবে পহুমাৰা জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে আঁচনি অনুযায়ী পৰ্যাপ্ত পৰিমাণে খেতিপথাৰত পানী যোগান ধৰা হব বুলিও মন্ত্ৰী গৰাকীয়ে মুকলিভাৱে ব্যস্ত কৰে। এইক্ষেত্ৰত প্ৰয়োজন অনুসৰি প্ৰকল্পটোৰ উন্নয়নৰ বাবে ধনৰ আবন্টন দিয়াৰ বিষয়ে ঘোষণা কৰে মন্ত্ৰী দত্তই ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close