অসম

প্ৰধানমন্ত্ৰীলৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতিৰ তিনিটা প্ৰশ্নৰে বৃহৎ হৰ্ডিং

প্ৰথম খবৰ,মৰিয়নি: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম ভ্ৰমণৰ আগে আগে মৰিয়নি বিধায়ক ৰূপজ্যোতি কুর্মীয়ে প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন উত্থাপন কৰি মৰিয়নিত আজি এক বৃহৎ হৰ্ডিং স্থাপন কৰে। আপোনালৈ তিনিটা প্ৰশ্ন সুধিব বিচাৰিছোঁ শীৰ্ষক অসম ভ্ৰমণৰ সময়ছোৱাত উত্তৰ দি যাবলৈ আহ্বান কৰিছে বিধায়কগৰাকীয়ে । ২০১৪চনত অসমলৈ আহোঁতে অসমৰ নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়াৰ সপোন দেখুৱাইছিল যদিও বতমলৈ কেন্দ্ৰিয় চৰকাৰৰ চাকৰি পোৱা নাই। অনুগ্ৰহ কৰি চাকৰি কেতিয়া দিব জনাবনে? দ্বিতীয়তে বিগত লোকসভাৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত অসমৰ বাংলাদেশী সকলক তালি-টোপোলা বান্ধিবলৈ হুংকাৰ দিয়া পাছতো এজনো বাংলাদেশী বহিষ্কাৰ কৰা নহল। এতিয়া অসমত কিমানজন বাংলাদেশী আছে আৰু কিমানজনক খেদিলে আৰু কিমান খেদিবলৈ বাকী আছে আৰু কেতিয়া খেদিব। আৰু তৃতীয়তে ২৯ বছৰে উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ থকা অসম নাগালেণ্ড সীমা সমস্যা বিষয়ে জানিও এন এছ চি এন সৈতে  গ্ৰেটাৰ নাগালিম চুক্তি  কৰিলে তাক ৰাজহুৱা কেতিয়া কৰিব। বুলি এই তিনিটা প্ৰশ্ন উত্থাপন কৰে।অন্যহাতে বিধায়ক গৰাকীয়ে এই প্ৰশ্ন কেইটা প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়ত নিজে সোধা ৰ কথা আছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ধলা শদিয়া দলং ত উঠিব নিদিল মৰিয়নি বিধায়কে কত গুৰুত্ব পাব বুলি জনাই। অন্যহাতে এই তিনিটা প্ৰশ্ন মৰিয়নি ৰাজহ চক্ৰ বিষয়াৰ  জৰিয়তে প্ৰধানমন্ত্ৰীক সুধিব বুলিও জনায়।

Related Articles

Leave a Reply

Close