অসম

প্ৰধানমন্ত্ৰী কৌশল যোজনাৰ জৰিয়তে বিনামূলীয়া প্ৰশিক্ষণপ্ৰাপ্ত ১০০ শতাংশ প্ৰশিক্ষাৰ্থীক চিপেটৰ মাধ্যমৰে নিযুক্তি প্ৰদান

প্ৰথম খবৰ,চাংসাৰি,২৫ মে’ :কামৰূপ জিলাৰ চাংসাৰিস্থিত কেন্দ্ৰীয় শৈক্ষিক প্ৰতিষ্ঠান চেন্ট্ৰেল ইন্সটিটিউট অফ প্লাষ্টিক ইঞ্জিনিয়াৰিং এণ্ড টেকনোলজি চমুকৈ চিপেটে (CIPET) তেওলোকৰ নিয়মীয়া পাঠ্যক্ৰম তিনি বছৰীয়া ডিপ্লমা কোৰ্চৰ উপৰিও নিবনুৱা যুৱক যুৱতীৰ উন্নয়নৰ অৰ্থে বিভিন্ন সময়ত প্লাষ্টিক খণ্ডত বৃত্তিমূলক শিক্ষা ও প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। জানিবপৰা মতে যোৱা ২০১৬ – ১৭ বিত্তীয় বৰ্ষত ভাৰতবৰ্ষৰ আগশাৰীৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যনে কোম্পানী সমূহৰ ৰাইজৰ প্ৰতি থকা কৰ্তব্যৰ বাবে চৰকাৰৰ প্ৰৱৰ্তিত আচনি কৰ্পোৰেট সামাজিক দায়বদ্ধতা আচনিৰ অধীনত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীক প্লাষ্টিকৰ ব্যৱহাৰিক বিষয়ত বৃত্তিমূলক প্ৰশিক্ষণ আগবঢ়াবলৈ চাংসাৰিস্থিত চিপেটক দায়িত্ব অৰ্পণ কৰে। সেই মৰ্মে চিপেটে প্ৰশিক্ষণ কাৰ্য্যসূচী গ্ৰহণ কৰাত বিভিন্ন অঞ্চলৰ পৰা কৌশল যোজনাৰ এই বৃত্তিমূলক প্ৰশিক্ষণত অংশ গ্ৰহণৰ অৰ্থে ২৭৭ গৰাকী প্ৰাৰ্থীয়ে আবেদন পত্ৰ প্ৰেৰণ কৰে আৰু ইয়াৰ পৰাই বাচনি কমিটিয়ে ৮০ গৰাকী উপযুক্ত প্ৰাৰ্থীক বাছনি কৰে। কৰ্পোৰেট সামাজিক দায়বদ্ধতা আচনিৰ জৰিয়তে হোৱা এই প্ৰশিক্ষণ কাৰ্য্যসূচীতো সম্পূৰ্ণ বিনামূলীয়াকৈ থকা খোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। বিগত বৰ্ষৰ ২৫ আগষ্টৰ পৰা ২৪ নৱেম্বৰলৈ তিনিমহীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল। প্ৰশিক্ষণ কাৰ্য্যসূচী আৰম্ভণিৰ পিছতে চিপেটত প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠান হৈছিল । অনুষ্ঠানত উপস্থিত আছিল পাৱাৰ গ্ৰিডৰ প্ৰবন্ধক শ্ৰী কে এন শৰ্মা, আব্দুল বৈইচ্ লগতে চিপেটৰ সঞ্চালক শ্ৰী ইবোটোম্বা সিং ডাঙৰীয়া। ইয়াৰ পিছত তিনিমহীয়া প্ৰশিক্ষণৰ অন্তত ২৫ নৱেম্বৰত প্ৰশিক্ষাৰ্থী সকলক লৈ এখনি প্ৰশিক্ষণ সামৰণি অনুষ্ঠানো অনুষ্ঠিত কৰা হৈছিল । সামৰণি অনুষ্ঠানত উপস্থিত থাকে পাৱাৰ গ্ৰিডৰ বিষয়ববীয়া ডি জি এম শ্ৰী এ কে বৰঠাকুৰ (শ্বিলং), মূখ্য প্ৰবন্ধক শ্ৰী অ’ এ আহমেদ লগতে মূখ্য পৰিচালক তথা সঞ্চালক শ্ৰী ইবোটোম্বা সিং ডাঙৰীয়া। এই সামৰণি অনুষ্ঠানত পাৱাৰ গ্ৰিডৰ বিষয়াৰ লগতে চিপেটৰ বিষয়ববীয়া গৰাকীয়ে প্ৰশিক্ষাৰ্থী সকলক দিক নিৰ্ণায়ক বক্তব্যৰে অনুপ্ৰাণিত কৰিছিল। উল্লেখ্য যে চিপেটে বিগত এপ্ৰিল মাহৰ শেষৰ ফাললৈ উপৰোক্ত প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা ৮০ গৰাকী প্ৰশিক্ষাৰ্থীৰ আটাইকেইগৰাকীকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত সফলভাৱে নিযুক্তিৰে কৰ্মসংস্থান প্ৰদান কৰিছে।

Related Articles

Leave a Reply

Close