অসম

প্ৰাক্তন অধ্যক্ষ হীৰামোহন বৰঠাকুৰৰ দেহাৱসান

প্ৰথম খবৰ, কামপুৰ: কামপুৰ উচ্চতৰ মাধ্যমিক অাৰু বহুমুখী বিদ্যালয়ৰ  প্ৰাক্তন অধ্যক্ষ হীৰামোহন বৰঠাকুৰৰ দেহাৱসান। দক্ষিণ পশ্চিম নগাঁৱৰ শিক্ষা সংস্কৃতি লগত আজিবন জড়িত আছিল বৰঠাকুৰ ।কামপুৰ মহাবিদ্যালয়ৰ প্ৰতিস্থাপক সম্পাদক হোৱা লগত কামপুৰ উন্নতি সাধিনী সভাৰ বিভিন্ন দ্বায়িত্ব পালন কৰিছিল বৰঠাকুৰে। শ্ৰী মন্ত শংকৰ মিশ্ৰণৰ  সদস্য আছিল হীৰা বৰঠাকুৰ। তদুপৰি কামপুৰ অঞ্চলৰ সাহিত্য সংস্কৃতি উন্নতিৰ দিশত বিশেষ বৰঙণি আগবঢ়াই গৈছে বৰঠাকুৰে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ অাছিল অধ্যক্ষ জন। চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকা অৱস্থাত জাগীৰোডত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৬ বছৰ। কামপুৰত শোকৰ ছাঁ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close