অসম

পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদানক লৈ বিধি-পথালি একাধিক সংগঠনৰ

প্ৰথম খবৰ, খেৰণি: কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদানক লৈ বিধি-পথালি হৈ থিয় দিছে একাধিক সংগঠনে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ জেংখাত৷ কাৰ্বি পৰিষদীয় ৭ টাকৈ সমষ্টিত বিজেপিয়ে অনাকাৰ্বি লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি  জিলাখনত বিয়পি থকাৰ সময়তে পৰিষদীয় ২-৩ খন সমষ্টিত অজনজাতি লোকক প্ৰাৰ্থীত্ব প্ৰদানৰ কথা উচ্চাৰন হৈ থকা খবৰত ইয়াৰ বিৰোধীতা জনায়। প্ৰাৰ্থীত্বৰ নাম ঘোষণাৰ শেষ পৰ্য্যায়ত ৩ টাকৈ অৰাজনৈতিক সংগঠনে মূৰ দাঙি উঠিছে৷ কাৰ্বি লামেত আমাই, খেৰণি শাখা, কাৰ্বি ছাত্ৰ সন্থা হামৰেণ আঞ্চলিক সমিতি আৰু লংৰি ক্ৰিহিনি চাৰ হাৱে আমাই নামৰ সংগঠনকেইটাই সংবাদমেলযোগে জানিবলৈ দিয়ে এই কথা৷ আনকি সংবাদমেলযোগে এই কথাও স্পষ্ট কৰি দিয়ে যে কাৰ্বি আংলঙৰ ৰাজনৈতিক দলসমূহে অজনজাতিৰ প্ৰাৰ্থীক মনোয়ন প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত যদি জিলাখনত কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে ইয়াৰ সম্পূৰ্ণ জগৰীয়া হ’ব দলসমূহৰ জিলা সভাপতিসকলৰ লগতে কাৰ্বি আংলঙৰ ৰাজনৈতিক দলসমুহ। কোনো অজনজাতিৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান নকৰিবলৈয়ো সকিয়াই দিয়ে সংগঠনকেইটাই৷

Related Articles

Leave a Reply

Close