অসম

ফেচবুকত সাংবাদিকক উদ্দেশি বিতৰ্কিত মন্তব্য বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ চৰকাৰৰ

প্ৰথম খবৰ,ওদালগুৰি: এইবাৰ বিপিএফ শীৰ্ষ নেতা তথা বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ চৰকাৰৰ ফেচবুকৰ এটা বিতৰ্কিত মন্তব্যই ওদালগুৰিত কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জিলাখনৰ সাংবাদিক এজনে জিলা প্ৰশাসনৰ পৰা ওদালগুৰিৰ সাংবাদিক সকলক চৰকাৰী কাৰ্ডৰ যোগান ধৰা বাবে ধন্যবাদ জনাই ফেচবুকত এটা পোষ্ট দিয়াত সেই পোষ্টটোত বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ চৰকাৰে ‘বেপাৰ ভাল হ’ব’ বুলি এটা বিতৰ্কিত মন্তব্য আগবঢ়ায়। এই বিতৰ্কিত মন্তব্যটো দিয়াৰ পিছতে জিলাখনৰ সাংবাদিক সকলৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। নেতাজনে কি কাৰণত এনে এক বিতৰ্কিত মন্তব্য দিলে এইটো স্পষ্ট হোৱা নাই যদিও এই মন্তব্যই জনপ্ৰতিনিধি জনৰ সাংবাদিকসকলৰ প্ৰতি থকা মানসিকতাৰ পৰিচয় উদঙাই দিছে। বৰ্তমান ফেচবুকৰ পৰা এই মন্তব্যটো মচি পেলোৱা হৈছে যদিও এতিয়াও ইয়াৰ প্ৰতিক্ৰিয়া মাৰ যোৱা নাই।

Related Articles

Leave a Reply

Close