অসমশীৰ্ষ

বনবিভাগৰ ৫২৫টা পদত অতি শীঘ্ৰে নিযুক্তি: চামগুৰিত বনমন্ত্ৰীৰ চাডেন ভিজিট

প্ৰথম খবৰ,বঢ়মপুৰ: চামগুৰিত বন মন্ত্ৰী প্ৰমীলাৰাণি ব্ৰহ্মৰ চাডেন ভিজিট। চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এচ’ছিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত বৃক্ষ ৰোপণ আৰু বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ অহা বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই চাডেন ভিজিট কৰিলে চামগুৰিকে ধৰি নগাওঁ-কাৰ্বিআংলং সীমান্তৱৰ্তী পাহাৰ বনাঞ্চল সমূহ। ইয়াৰ পূৰ্বে শুক্ৰবাৰে নিশা বন মাফিয়াৰ আক্ৰমণত তচনচ হোৱা উদমাৰি বিট অফিছ পৰিদৰ্শণ কৰি আশ্চৰ্যচকিত হয় মন্তীগৰাকী। চামগুৰিৰ আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীক শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে পাৰ্কুপ পাহাৰৰ বন ধ্বংস যজ্ঞ দেখি হতচকিত হয় মন্ত্ৰী গৰাকী। খৰ্গহস্তহৈ বন মন্ত্ৰী গৰাকীয়ে পাৰ্কুপ আঞ্চলিক বন বিষয়া জনক ধমক দিয়াৰ উপৰিও শীঘ্ৰেই কাৰ্বি আংলং স্থায়িত্ব পৰিষদৰ সহযোগত সমগ্ৰ কু-কাণ্ডৰ সন্দৰ্ভত তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে অতিস্থ অঞ্চলবাসীৰ ওচৰত। উল্লেখ্য যে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্পষ্ট হয় যে চোৰাং কাঠৰ বেহাৰ সৈতে বন বিভাগৰে কোনো বিষয়া-কৰ্মী জড়িত থকাৰ সন্দেহ কৰিলে কৰিলে বন মন্ত্ৰী গৰাকীয়ে। অৱশ্যে বন বিভাগৰ দূৰ্দশা ৰোধ কৰিবলৈ ৰাজ্যত শীঘ্ৰেই ৫২৫ টা খালি পদত নিযুক্তি দিয়াৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে চামগুৰিত দিনটো অতিবাহিত কৰা বন মন্ত্ৰী প্ৰমীলাৰাণি ব্ৰহ্মই। মন্ত্ৰী গৰাকীয়ে পুৰণিগুদামৰ পাৰঘাট বৃক্ষ ৰোপন অনুষ্ঠানটিত অংশ গ্ৰহন কৰি অঞ্চলটোত কেইবাজোপা বৃক্ষৰ পুলি ৰোপন কৰাৰ উপৰিও নিজ হাতেৰে বিতৰণ কৰে শতাধিক গছ পুলি। আনফালে লক্ষণীয় বিষয়টো এইয়ে যে বন মন্ত্ৰী গৰাকীৰ চাডেন ভিজিটত সম্পূৰ্ণ দিনটো থৰহৰি কম্পমান যেন হৈ থাকিব লগীয়া হল নগাওঁ জিলা বন বিভাগৰ আমোলা-বিষয়া।

Related Articles

Leave a Reply

Close