অসম

বন বিভাগৰ তহলদাৰী গাড়ীত আক্ৰমণ চোৰাং কাঠ বেপাৰীৰ

প্ৰথম খবৰ,বঢ়মপুৰ,৪মে: নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দিলকাবস্তীত যোৱা নিশা আক্ৰমণৰ বলি হয় বন বিভাগৰ এটা তহলদাৰী দল ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে চোৰাং কাঠ ভৰ্তি এখন মিনি ট্ৰাকে বন বিভাগৰ তহলদাৰী দলটোৰ বলেৰ গাড়ীখনৰ পাছফালে স্বইচ্ছাৰে খুন্দা মৰাত শালনা আঞ্চলিক বন বিভাগৰ তহলদাৰী দলটোৰ গাড়ীখন পথৰ দাতিঁৰ খাৱৈত বাগৰি পৰে ৷ উক্ত ঘটনাত বাহনখনৰ চালকসহ ৬ জনকৈ বন বিষয়া-কৰ্মী আহত হয় ৷ আনহাতে বন কৰ্মীৰ গাড়ীত আক্ৰমণ কৰিয়েই চোৰাং কাঠ ভৰ্ত্তি মিনি ট্ৰাকখনে পলায়ন কৰে ৷ অৱশ্য বগা ৰঙৰ মিনি ট্ৰাকখন কোনো অসাধু চোৰাং কাঠ ব্যৱসায়ীৰ হ’ব পাৰে বুলি বন বিভাগৰ লোকে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে বিগত কেইবাদিনো ধৰি পুৰণিগুদাম, চামগুৰিত বন বিভাগে অভিযান চলাই অবৈধ কাঠ ফলা মিল জব্দ কৰাৰ লগতে কেইবাখনো চোৰাং কাঠ ভৰ্ত্তি গাড়ী জব্দ কৰাৰ বাবেই একাংশ বন মাফিয়া খৰ্গহস্ত হৈয়ে বন বিভাগৰ গাড়ীত আক্ৰমণ কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ আনহাতেদি ভৱিষ্যতে বন ধ্বংস যজ্ঞ চলোৱা বন মাফিয়াৰ ওপৰত অভিযান আৰু অধিক তীব্ৰতৰ কৰা হব বুলি শালনা আঞ্চলিক বন বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ ইতিমধ্য ঘটনা সন্দৰ্ভত বন বিভাগৰ লোকে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close