অসম

বহি:ৰাজ্যৰ পৰ্যটকক খাদ্যৰ অত্যাধিক মূল্য আদায় লোৱাৰ অভিযোগত মাজুলীত ৰেষ্টুৰেন্ট ছীল

প্ৰথম খবৰ,মাজুলী: অতিথি পৰায়ণতাৰ বিশেষ সুনাম থকা মাজুলীত বহি:ৰাজ্যৰ পৰ্যটকক দুব্যৱহাৰ কৰি অত্যাধিক খাদ্যৰ মূল্য আদায় কৰা এখন ৰেষ্টুৰেন্ট আজি ছীল কৰি দিয়ে মাজুলী জিলা প্ৰশাসনে। মাজুলীৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত চিন্মই নাথ আৰু ৰাজহ চক্ৰ বিষয়া অজিত শমাই আজি কমলাবাৰী চাৰিআলিত থকা পুলু নামৰ ৰেষ্টুৰেন্টখন তলা লগাই বন্ধ কৰি দিয়ে। সূদুৰ তামিলনাডুৰ পৰা অহা আৰ আলগুমনি নামৰ পৰ্যটক গৰাকীয়ে উপায়ুক্তক দিয়া অভিযোগৰ তদন্ত কৰি প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে। ১৬ মে’ তাৰিখে আলগুমনিৰ পৰিয়ালৰ নাবালক পুত্ৰ আৰু পৰিবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰা বাবদ ৰেষ্টুৰেন্ট খনৰ স্বতাধিকাৰী বাবু ভূঞাই ১৮০০ টকাৰ বিল দিয়াত পৰ্যটক গৰাকী আচৰিত হৈ পৰে। বিলৰ পৰিমাণৰ বেছি হোৱাৰ কথা অৱগত কৰাত ৰেষ্টুৰেন্টৰ স্বতাধিকাৰী গৰাকীয়ে দুব্যৱহাৰ কৰে। তৎস্বত্বেও পৰ্যটক গৰাকীৰ ১৫০০টকা অদায় লৈ গালি-গালাজ পাৰি ৰেষ্টুৰেন্টখনৰ পৰা আঁতৰাই দিয়ে। আৰু আজি পুৱা আলগুমনিয়ে উপায়ুক্তক সমগ্ৰ ঘটনা অৱগত কৰে আৰু উপায়ুক্তই কথাটো গুৰুত্ব সহকাৰে লৈ অতিৰিক্ত উপায়ুক্তক চৰজমিন তদন্তৰ নিৰ্দেশ দিয়ে। অতিৰিক্ত উপায়ুক্তই ভুক্তভোগী পৰিয়ালটোক লগত লৈ ৰেষ্টুৰেন্টত উপস্থিত হৈ সোধপোচ কৰাত প্ৰকৃত বিলৰ পৰিমান ৯৯০ টকাহে যে হয় ওলায় পৰে। আৰু অত্যাধিক ভাৱে লোৱা টকা পৰিয়ালটোক ঘুৰাই দিয়ে। আৰু অতিৰিক্ত উপায়ুক্তই লগত যোৱা আৰক্ষীক ৰেষ্টুৰেন্ট খন ছীল কৰাৰ নিৰ্দেশ দিয়ে।

Related Articles

Leave a Reply

Close