অসম

বাক স্বাধীনতা খৰ্ব আৰু গণতন্ত্ৰ হত্যাৰ বিৰুদ্ধে বিহালীত প্ৰতিবাদ : পৰিমল গোড়ক মুক্তি দিয়াৰ দাবী

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু আছুক ছচিয়েল মেডিয়াত সমালোচনা কৰা বাবে ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত  আঠ মে’ত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পৰিমল গড় নামৰ এজন ব্যক্তিক। ইতিমধ্যে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোড়ক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ। আনহাতে বিপ্লৱী যুৱ সংন্থাৰ নেতা তথা গোড় সমাজৰ ৰাজ্যিক বিষয়ববীয়া পৰিমল গোড়ক বিনাচৰ্তে মুক্তিৰ দাবীত আজি তিনি শতাধিক অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু বিপ্লৱী যুৱ সন্থাৰ সদস্যই বিহালী উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নাগৰিকৰ বাক স্বাধীনতা খৰ্ব আৰু গণতন্ত্ৰ হত্যাৰ অভিযোগ তুলি প্ৰতিবাদকাৰী সকলে বিশ্বনাথ উপাযুক্তলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close