অসম

বাঘবৰৰ তাৰাকান্দি নৈপৰীয়া স্বাস্থ্য কেন্দ্ৰত চৰম অৰাজকতা: ১০ বজাতো খোলা নহয় চিকিৎসালয়

প্ৰথম খবৰ, মইনবড়ী: অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন স্বাস্থ্য কেন্দ্ৰ। এই স্বাস্থ্য কেন্দ্ৰত এজন, চিকিৎসক, এজন লেবৰটেৰী টেকনেচিয়ান, দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে যদিও কোনো দিন সময়মতে নোখোলে চিকিৎসা কেন্দ্ৰটো।চিকিৎসালয়খনত প্ৰসূতি ৰোগী বা চিৰিয়াচ ৰোগী আহিলে নিজাববীয়াকৈ লৈ যাব লাগে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয় নাইবা বৰভিটা আদৰ্শ চিকিৎসালয় নাইবা গোৱালপাৰা অসামৰিক চিকিৎসালয়ত। চিকিৎসালয়খনত চিকিৎসক বা ফাৰ্মাচিষ্ট নাহিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে হৈ পৰে চিকিৎসক। এই চিকিৎসালয়খন হৈছে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত তাৰাকান্দি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। চিকিৎসালয়খনত চিকিৎসক বা নাৰ্চৰ আৱাস গৃহ আছে যদিও চিকিৎসালয়খনত নিয়োগ কৰা হোৱা নাই এজনো নাৰ্চ। মুঠৰ ওপৰত চিকিৎসালয়খনত পানীৰ পৰা আৰম্ভ কৰি এম্বুলেঞ্চৰ লৈকে কোনো ধৰণৰ সা-সুবিধা নাই। যাৰ বাবে স্বাস্থ্য কেন্দ্ৰ থাকিও স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আছে ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close