অসমশীৰ্ষ

বাঘৰ ছালৰ চোৰাং ব্যৱসায়ত চৰকাৰী বিষয়া

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি,১৭ মে’: এইবাৰ চোৰাং ব্যৱসায়ত নামিল চৰকাৰী বিষয়া। বিশ্বনাথ জিলাৰ ডফলাগড় পৰা কাজিৰঙাৰ নৰ্দান ৰেঞ্জৰ বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত যোৱা বন কৰ্মীৰ দল এটাই গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত পোহৰলৈ আহিছে এই তথ্য। অভিযানকাৰী দলটোৱে AR01H-3095 আৰু AR01Q-1992 নম্বৰৰ মটৰ চাইকেলসহ বাঘৰ ছাল আৰু প্ৰায় পাঁচ কিলোৰো অধিক বাঘৰ হাড় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চাৰিজন দুধৰ্ষ অৰুণাচলী চোৰাং চিকাৰী ক্ৰমে তানে বেতৰা, তালিনীকো কামদেৰ,টেচি পাপু আৰু আসি এটাংক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা চিকাৰী কেইজনৰ আসি এটাং হৈছে অৰুণাচল চৰকাৰৰ এজন স্বাস্থ্য বিভাগৰ কৰ্মচাৰী। চোৰাং চিকাৰী কেইজন দুখন মটৰ চাইকেলত উঠি বিশ্বনাথ নগৰৰ দিশে বাঘৰ ছাল আৰু হাড় খিনি বিক্ৰী কৰাৰ বাবে আহি থকা অৱস্থাতে অভিযানকাৰী দলটিয়ে ডফলাগড়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close