অসম

বিজনীৰ কাচদহাত 108 এম্বুলেন্সৰ আতংক: বিদ্যালয়লৈ নাহিল ছাত্ৰ – ছাত্ৰী

প্ৰথম খবৰ , বিজনী : চিৰাং জিলাৰ বিজনীৰ কাচদহাৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত আজি পৰিত্যক্ত অৱস্থাত থকা এখন 108 এম্বুলেন্সক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । এম্বুলন্সখনত চালকৰ লগতে আন কোনো লোক নথকাত আতংকিত হৈ পৰে গাঁওবাসী । আনকি উক্ত ঠাইৰ সমীপদ থকা 1038 নং কুমাৰগাঁও প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ – ছাত্ৰীসকলে পুৱা বিদ্যালয়লৈ আহে যদিও চালকবিহীন এম্বুলেন্সখন প্ৰত্যক্ষ কৰি বেজি দিবলৈ অহা বুলি আতংকিত হৈ আঁতৰি যায় । কোনো কোনো ছাত্ৰ – ছাত্ৰীয়ে আধাবাটৰ পৰাই উভতি যায় । ফলত বিদ্যালয়খনত আজি পাঠদান বন্ধ থাকে । পিছত চালক গৰাকী উক্ত ঠাইত উপস্থিত হোৱাত প্ৰকৃত ঘটনা পোহৰলৈ আহে । চালক গৰাকীয়ে জানিবলৈ দিয়া মতে কালি নিশা 2 বজাত কীৰ্তনপাৰাৰ পৰা ৰোগী লৈ আহি থকা অৱস্থাত এম্বুলেন্সখন বিজুতি ঘটাত উক্ত ঠাইত এৰি থৈ অন্য এখন এম্বুলেন্সৰে ৰোগীক চিকিৎসালয়লৈ লৈ যায় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close