অসম

বিজয়া চক্ৰৱৰ্তীৰ পুত্ৰৰ  মৃত্যুত বিজেপিৰ শোক

প্ৰথম খবৰ, গুৱাহাটী: গুৱাহাটীৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তীৰ পুত্ৰ ৰণজিৎ চক্ৰৱৰ্তী (ৰাণা)ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিজেপিয়ে। প্ৰথম খবৰলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে কেইবাখনো চলচ্চিত্ৰ প্ৰযোজনা কৰা চক্ৰৱৰ্তীয়ে দলীয় কামকাজতো সহায় কৰিছিল। নতুন দিল্লীৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় তেওঁৰ।

Related Articles

Leave a Reply

Close