অসম

বিশ্বনাথত একেটা মণ্ডপতে সম্পন্ন হ’ব এহেজাৰ খন বিবাহ

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: বিশ্বনাথ চাৰিআলিৰ বৰপুখুৰী চাহ বাগিচাৰ খেল পথাৰত ৰাষ্ট্ৰীয় সেৱা সংঘ তথা হিন্দু চাহ জনগোষ্ঠী সাংস্কৃতিক সুৰক্ষা পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু প্ৰতাপগড় আঞ্চলিক সমিতিৰ সহযোগত ২২মে’ত একেটা মণ্ডপতে অনুষ্ঠিত হ’ব মুঠ এহেজাৰখন বিবাহ। ইতিমধ্যে উক্ত অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবলৈ সমাজকৰ্মী অকণ শইকীয়াক সভাপতি, প্ৰভুনাথ সিং আৰু চত্তৰ সিং পাৱাৰক উপ সভাপতি, ডঃ সপোনটি বৰঠাকুৰ আৰু দ্বীপ বৰঠাকুৰক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ এখন আদৰণি সমিতি গঠন কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close