অসম

বিশ্বনাথত বিবাদমান চৰকাৰী ভূমিত ইন্দিৰা আৱাস যোজনাৰ ঘৰ আবন্টন দিলে BDO ই : ইন্দিৰা আৱাস গৃহৰ আবন্টনত ব্যাপক দুৰ্নীতি

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: যি সময়ত চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান অৱ্যাহত আছে সেই সময়তেই বিবাদমান চৰকাৰী ভূমি দখল কৰি থকা এগৰাকী মহিলাক ইন্দিৰা আৱাস গৃহৰ ধন বিশ্বনাথৰ এগৰাকী BDO ই মোকলাই দিয়া কাৰ্য্যই সকলোৰে চকু কপালত উঠিছে। যাৰ বাবে এতিয়া বিশ্বনাথত দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। বিশ্বনাথঘাটৰ মামণি দাস নামৰ মহিলা গৰাকীয়ে দীৰ্ঘদিন ধৰি বিশ্বনাথঘাট ৰাসস্থলীৰ সন্মুখৰ চৰকাৰী ভূমি বেদখল কৰি নিজৰ ঘৰৰ লগতে দোকান ঘৰ নিৰ্মাণ কৰি আহিছে। ইয়াৰ বিপৰীতে উক্ত মাটি দোখৰ স্থানীয় আত্মসহায়ক গোট এটাই আবন্টণ বিচাৰি চৰকাৰক আবেদন জনাই ৰাখিছে। যাৰ বাবে দীৰ্ঘ দিন ধৰি আত্ম সহায় গোট আৰু মহিলা গৰাকীৰ মাজত সংঘাত অৱ্যাহত আছে। এনে সময়তেই বিশ্বনাথ উন্নয়ণ খণ্ডৰ BDO আবুল হুচেইনে বিবাদমান ভূমিত চৰকাৰী ঘৰ প্ৰদান কৰাৰ লগে লগেই জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। ইতিমধ্যে বিশ্বনাথঘাটৰ স্থানীয় ৰাইজে কি দৰে মহিলা গৰাকীয়ে চৰকাৰী ভূমিত ইন্দিৰা আৱাস গৃহ পালে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে মামনি দাসে পাৰ্টিৰ কাম কৰাৰ সুবাদতেই এনেদৰে ব্লকৰ পৰা এই ঘৰটো লাভ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। এতিয়া চৌদিশে প্ৰশ্ন উঠিছে যে নিজা ভূমি নথকাকৈ কৈনেকৈ BDO আবুল হুচেইনে মহিলা গৰাকীক ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ পুঁজি মুকলি কৰি দিলে? গৃহহীন লোকৰ পৰিৱৰ্তে চৰকাৰী ভূমি বেদখল কৰা লোকক ইন্দিৰা আৱাস যোজনাৰ ঘৰ বাবে ধন মুকলি কৰি দিয়াৰ কাৰণ কি? গোপন অংকৰ বিনিময় এনেদৰে BDO আবুল হুচেইনে মামনি দাসক ধন মোকলাই দিছে নেকি?

 

Related Articles

Leave a Reply

Close