অসম

বিশ্বনাথত মহিলাৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: বিশ্বনাথৰ ধুলি গাওঁ পঞ্চায়তৰ অন্তৰ্গত দিৰিং পথাৰৰ তিনিআলিৰ সমীপত অষ্টমী খদাল(৪০)নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ। পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। মহিলা গৰাকীৰ ঘৰ ধুলি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিজয়পুৰ গাওঁত বুলি জানিব পৰা গৈছে। মহিলা গৰাকীৰ স্বামীয়ে চিনাক্ত কৰিছে মৃতদেহটো। কালি বজাৰ কৰিবলৈ আহি ঘৰলৈ ঘূৰি যোৱা নাছিল মহিলা গৰাকী। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ।

Related Articles

Leave a Reply

Close