অসম

বিশ্বনাথত স্বামীয়ে কেৰাচিন ঢালি জ্বলালে পত্নীক

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: বিশ্বনাথৰ ১ নং আদাভেটিত স্বামী আৰু দ্বিতীয় পত্নীয়ে মিলি কেৰাচিন ঢালি জ্বলাই দিলে প্ৰথমা পত্নীক। শৰীৰৰ ৬০% জ্বলি যোৱা চাহেদা খাতোন নামৰ মহিলা গৰাকীক ভৰ্তি কৰা হৈছে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত। আনহাতে এই ঘটনাৰ পিছতেই স্থানীয় ৰাইজে গুৰুলা গুৰুলকৈ পিতা স্বামী আজিবুৰ ৰহমানকো ভৰ্ত্তি কৰা হৈছে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত। আনহাতে দ্বিতীয় পত্নী মিনাৰা খাতোনে কৰিছে পলায়ণ। ৪ মাহ পূৰ্বে দ্বিতীয় বিবাহ কৰাইছিল আজিবুৰে আৰু তাৰ পিছৰ পৰাই অত্যাচাৰ আৰম্ভ হৈছিল চাহেদা খাতোনৰ ওপৰত। মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব নোৱাৰাৰ বাবেই আজিবুৰে দ্বিতীয় বিবাহ কৰাই অত্যাচাৰ আৰম্ভ কৰিছিল চাহেদাৰ ওপৰত। বিশ্বনাথ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close