অসম

বিশ্বনাথত ৬০০ যোৰা সমূহীয়া বিবাহ

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: আজি বিশ্বনাথত অনুষ্ঠিত হল ৬০০ যোৰা দৰা কইনাৰ বিয়া।বিশ্বনাথৰ বৰপুখুৰী চাহ বাগিচাত চাহ জনগোষ্ঠী সুৰক্ষা পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হল এক সামূহিক বিবাহ। অবিভক্ত শোণিতপুৰ জিলাৰ ৬০০ যোৰা যুৱক যুৱতী তথা বৃদ্ধ বৃদ্ধাৰ সম্পন্ন হল বিবাহ। অতি দৰিদ্ৰ এই সকল লোকে বিভিন্ন কাৰণত একেলগে সংসাৰ কৰিছিল যদিও সাময়িক ভাৱে নীতি নিয়মৰে বিবাহ কৰা নাছিল। কিন্তু আজি এই সকল লোকে নীতি নিয়মৰ মাজেৰে বিবাহ কাৰ্য্য সম্পন্ন কৰে। যাৰ বাবে আজি এইসকল লোক অতি সুখী। সমূহীয়া বিবাহত অংশ লৈ উৎফুল্লিত হৈ পৰে নৱ দম্পত্তি সকল ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close