অসম

বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ৰোগীৰ বিলৈ: বিচনাৰ অভাৱত মজিয়াত শুই গ্ৰহণ কৰিছে চিকিৎসা

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি : ৰাজ্যৰ চিকিৎসাখণ্ডত আমোল পৰিবৰ্তন ঘটিছে বুলি স্বাস্থ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ অহাৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা যায় চৰকাৰী চিকিৎসালয় সমূহত। বিশ্বনাথ অসামৰিক চিকিৎসালয়ত এতিয়া ৰোগীৰ বিলৈ। বিচনাৰ অভাৱত মজিয়াত শুই চিকিৎসা গ্ৰহণ কৰিছে ৰোগীয়ে। আনফালে  বাৰান্দাৰ বেঞ্চত শুইয়েই ৰোগীয়ে  গ্ৰহণ কৰিছে চেলাইন । কাৰণ বিচনাৰ অভাৱ। আনহাতে ৱাৰ্ড সমূহত থকা অধিকাংশ ফেনেই বেয়া। কেৱল সজাই ৰখা হৈছে এই ফেন সমূহ, কাম হলে একো নাই। ফলত গৰমত যথেষ্ট দুৰ্ভোগ ভোগীব লগীয়া হৈছে ৰোগীয়ে। এনেদৰেই বিশ্বনাথত শিশুৰ পৰা বৃদ্ধলৈকে এতিয়া সকলোৱে গ্ৰহণ কৰিছে চৰকাৰী চিকিৎসা সেৱা।

 

                 

Related Articles

Leave a Reply

Close