অসম

বিহু সন্মিলনীত জুৱা খেল

প্ৰথম খবৰ,গোৱালপাৰা: গোৱালপাৰা জিলাৰ ৰংচাই থানাৰ অধীনস্থ বৰঝাৰস্থিত হাইস্কুল প্ৰাংগনত আজি বৰঝাৰ গাঁওৰ হেমচন্দ্ৰ ৰাভাৰ পৌৰহিত্যত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয়। বৰঝাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে ৯ মে’ত অনুষ্ঠিত কৰা বিহু সন্মিলনীত জুৱা খেল অনুষ্ঠিত কৰা বুলি বাতৰি পৰিৱেশন সম্পৰ্কত সভাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই সংক্ৰান্তত বিহু সন্মিলনীৰ সভাপতি হেম ৰাভা সম্পাদক জয়ন্ত ৰাভা গাঁওখনৰ পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ ৰাভা গাঁওবুঢ়া অমৃত ৰাভাসহ গাঁওবাসীৰ স্বাক্ষৰীত এক প্ৰেছ বিবৃতিত বিহুৰ নামত এক জুৱা খেল সংক্ৰান্তীয় বাতৰি পৰিৱেশনৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। বিবৃতিটোত গাঁওবাসীয়ে স্পষ্ট কৰি দিয়ে যে উক্ত দিনাখন বৰঝৰা স্থানত কোনো ধৰনৰ জুৱা খেলৰ দৰে কোনো ধৰণৰ অসামাজিক কাৰ্য্য সংঘটিত হোৱা নাছিলে। তৎস্বত্ত্বেও গাঁওখনৰ পৰা ৪০ কি:মি: নিলগৰ গোৱালপাৰা চহৰৰ অসমীয়া প্ৰতিদিন কাকতৰ এগৰাকী সংবাদকৰ্মীয়ে ক্ষেত্ৰ ভিত্তিক তদন্ত নকৰি বাতৰি পৰিবেশন কৰাত গাঁওখনৰ লগতে বিহু সংস্কৃতিক অপমান কৰা বুলি বিবৃতিটোত উল্লেখ কৰিছে। উল্লেখ্য যে গাঁওবাসীয়ে সময়ে সময়ে মদ জুৱাৰ বিৰুদ্ধে বিৰোধিতা কৰি আহিছিল। তেনে ক্ষেত্ৰত এনে অসামাজিক কাৰ্য্যকলাপক কোনো কাৰণতে সমৰ্থন নকৰে বুলি উল্লেখ কৰি এই সংক্ৰান্তত বাতৰি পৰিৱেশন কৰা সংবাদ-দাতা গৰাকীক অনাহকত মিছা বাতৰি পৰিৱেশন নকৰিবলৈও সকিয়াই দিয়ে।

Related Articles

Leave a Reply

Close