অসম

ব্যক্তিগত খণ্ডৰ জয়যাত্ৰাৰ বিপৰীতে উত্তৰ নগাৱৰ ৰূপহীৰ চৰকাৰী বিদ্যালয়সমূহৰ হতাশজনক ফলাফল: মাত্ৰ ১৮% হাৰ বিতৰ্কিত শিঙিমাৰী কেন্দ্ৰৰ

প্ৰথম খবৰ, ৰূপহীহাট: আজি ঘোষণা কৰা হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যথেষ্ট উন্নত উত্তৰ নগাৱৰ ৰূপহীহাট অঞ্চলত । বৃহত্তৰ অঞ্চলটোৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ৫৩.৬ শতাংশ ফলাফল দেখা যায়। মুঠ ১১ খন স্কুলৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়া কেন্দ্ৰটোত এইবাৰো ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ বিদ্যালয়ে উল্লেখজনক ফলাফল কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ পৰা মনজুৰুল হকে ৫৩৭ লাভ কৰি ৮৯.৫ শতাংশ আৰু ছানিয়া শ্ববনমে ৫৩৩ লাভ কৰি ৮৮.৮৩ শতাংশ নম্বৰত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে । লগতে বিদ্যালয়খনৰ ১০৭ গৰাকীৰ ভিতৰত দুগৰাকীয়ে ষ্টাৰ , ৩৮ গৰাকীয়ে প্ৰথম আৰু ৬৫ গৰাকীয়ে দ্বিতীয় বিভাগেৰে ১০০ শতাংশ ফলাফল দেখুৱায়। একেখন কেন্দ্ৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা মুঠ ২৬ জন পৰীক্ষাৰ্থীৰ ভিতৰত অংকিতা হালৈয়ে ৪২৪ নম্বৰ লাভ কৰি ডিষ্টিংছন পাই বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে দুগৰাকীয়ে ষ্টাৰ মাৰ্ক, ১২ গৰাকী প্ৰথম, ৮ গৰাকী দ্বিতীয় আৰু ৩ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় । ইফালে প্ৰথম ৪ গৰাকী, দ্বিতীয় ১৯ গৰাকী আৰু ২৬ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা গেৰুৱাআটি হাইস্কুলে ৬৫ শতাংশ ফলাফল হয়। আনহাতে ৰূপহী গাৰ্লছ হাইস্কুলত ১৪ গৰাকী প্ৰথম আৰু ১৪ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰোপৰি তাৰাবাৰী হাইস্কুলত মুঠ ১০৪ ৰ ভিতৰত আবিদা খাতুন(৫০১), নাছিমা খাতুন (৪৯১), চুমায়া ফাতেমী (৪৯৪) আৰু শ্বাহিনা খাতুন(৪৭২) আদি ৪ গৰাকী ষ্টাৰ, ১০ গৰাকী প্ৰথম, ৩৬ গৰাকী দ্বিতীয় আৰু ১৯ গৰাকী তৃতীয় বিভীগত উত্তীৰ্ণ হয়। তাৰাবাৰীৰ এই শিক্ষাৰ্থীসকলক স্থানীয় তাৰাবাৰী মহম্মদ ইদ্ৰিছ জুনিয়ৰ কলেজৰ অধ্যক্ষ ৰিয়াজুল ইছলাম আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ অধ্যক্ষ হজৰত আলীয়ে অভিননন্দন জ্ঞাপন কৰে।
উল্লেখ্য যে শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ মুঠ উত্তীৰ্ণৰ হাৰ হয় মাত্ৰ ১৮ শতাংশ । ছায়দৰীয়া হাইস্কুল, গড়াজান জয়গুৰু হাইস্কুল আৰু শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি তিনিখন বিদ্যালয়ৰে গঠিত কেন্দ্ৰটোৰ এই হতাশজনক ফলাফলে চিন্তিত কৰি তুলিছে সচেতন মহলক। কেন্দ্ৰটোত ৩৬৯ গৰাকীয়ে পৰীক্ষাৰত অৱতীৰ্ণ হৈছিল। মন কৰিবলগীয়া যে ইয়াৰে মূল কেন্দ্ৰ অৰ্থাত্ যে শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন বছৰটো বিভিন্ন কেলেংকাৰীৰ বাবে সংবাদ মাধ্যমৰ শিৰোনামাত থাকে । বিদ্যালয়ৰ আন্তঃগাঁথনিকে ধৰি অন্যান্য কামৰ চৰকাৰী আৱন্টিত ধনৰ ওপৰত অবাধ লুন্ঠন চলাই বিতৰ্কৰ মাজত থকা বিদ্যালয়খনে এই দৰে শোচনীয় ফলাফল দাঙি ধৰাত ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল। আনহাতে ৰূপহী তিনি আলিৰ কৃতী ছাত্ৰী ছায়িদা আফৰিনে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৫৩৫ লাভ কৰি ৮৯ শতাংশ নম্বৰত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈ ৰূপহী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ছাত্ৰী গৰাকী ৰামানুজন হায়াৰ ছেকণ্ডাৰী বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইফালে ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল বিশেষ উল্লেখ্য জনক হোৱা পৰিলক্ষিত হোৱা নাই ।ইফালে আজি ঘোষিত ফলাফল অনুযায়ী ৰূপহীৰ এইখন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ হৈছে ৬২ শতাংশ। ফলাফল অনুসৰি বিদ্যালয়খনৰ পৰা ষ্টাৰ এগৰাকী, সাত গৰাকী প্ৰথম, ৩৮ গৰাকী দ্বিতীয় আৰু ১৭ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। কেইবাখনো চৰকাৰী বিদ্যালয়ৰ ফলাফল সন্তোষজন নোহোৱাৰ বিপৰীতে প্ৰতিখন বেচৰকাৰী বিদ্যালয়ৰেই উত্তীৰ্ণৰ হাৰ সন্তোষজনক দেখা যায় । আনহাতে ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীসকলকলৈ বিদ্যালয়সমূহত আনন্দ উল্লাস কৰাৰ লগতে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ বিভিন্নজনে অভিনন্দন জনোৱা দেখা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close