অসমশীৰ্ষ

ৰে’লত বিশুদ্ধ খাদ্য যোগানৰ নামত লুণ্ঠন: ৰে’ল যাত্ৰীৰ অভিযোগ ৰে’ল মণ্ট্ৰনালয়ত

ৰুবুল পাঠকৰ সহযোগত নিউজ ডেস্ক, প্ৰথম খবৰ: কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’ল সেৱাৰ আমূল পৰিৱৰ্তনৰ কথা কৈ আহিলেও প্ৰকৃততে ৰে’ল সেৱাত কিমান উন্নতিকৰণ সম্ভৱ হৈ উঠিছে সেয়া স্পষ্ট হৈ উঠিল উজনিমুৱা ১২৫০৯ নং বাংগালুৰু এক্সপ্ৰেছ ৰে’লখনত৷ বাংগালুৰুৰপৰা গুৱাহাটী অভিমুখী ৰে’লখনত বিশুদ্ধ খাদ্যৰ নামত লুণ্ঠনৰ এক জলন্ত উদাহৰন পালে চেন্নাইপৰা উভতি অহা অসমৰ সাংবাদিকৰ এটি দলে৷ এই সম্পৰ্কে সংবাদ মাধ্যমৰ দলটোৰ সৈতে একেটা কম্পাৰ্মেণ্টত যাত্ৰা কৰা সত্যেন্দ্ৰ কুমাৰ নামৰ যাত্ৰী এগৰাকীয়ে টুইট যোগে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ত কৰা অভিযোগৰ পিছতে ৰেলখনৰ পেণ্ট্ৰিকাৰ পৰিচালনা কৰা সহ প্ৰৱন্ধকে ততাতৈয়াকৈ অভিযোগ কৰা কম্পাৰমেণ্টত উপস্থিত হৈ ক্ষমা বিচাৰে আৰু উন্নত মানৰ খাদ্য যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ অভিযোগ মতে ৰে’লযাত্ৰীসকলৰ বাবে ৰে’ল কৰ্তৃপক্ষই যোগান ধৰা খাদ্যৰ বাবে উচ্চহাৰত খাদ্যৰ দাম সংগ্ৰহ কৰাৰ বিপৰীতে অতি নিম্নমানৰ খাদ্য পৰিৱেশন কৰা, তথা সাধাৰণ নিৰামিষ খাদ্যৰ বাবদ ১৫০টকা, মাছ-ভাত ১৭০ টকা, মূৰ্গী(ব্ৰয়লাৰ)-মাংস ভাত ১৭০ টকা, কণী-ভাত ১৬০ টকাকৈ ধাৰ্য কৰাৰ বিপৰীতে বিশুদ্ধ খোৱা পানী আৰু অন্যান্য মেনুত উল্লেখিত কেবাটাও খাদ্যবস্তু প্ৰদান নকৰাৰ অভিযোগ কৰে৷ ইপিনে এই অভিযোগ কৰাৰ কিছু মুহূৰ্তৰ পিছতে ৰেলখনৰ পেণ্ট্ৰিকাৰৰ পৰিচালকে উক্ত কম্পাৰ্টমেণ্টলৈ আহি অভিযোগকাৰী যাত্ৰীগৰাকীক পেণ্ট্ৰিকাৰলৈ লৈ যোৱাৰ চেষ্টা চলায়৷ আনকি সমগ্ৰ ঘটনা সম্পৰ্কে প্ৰৱন্ধকে অভিযোগকাৰী যাত্ৰীসকলক ক্ষমা বিচাৰে৷ যাত্ৰীগৰাকীয়ে পোন প্ৰথমে মৌখিকভাৱে সহ-প্ৰৱন্ধকক অভিযোগ কৰিছিল যদিও পৰিচালকে দায়ত্বহীনভাৱে অভিযোগকাৰী ৰে’লযাত্ৰীসকলক এই সম্পৰ্কে নৰেন্দ্ৰ মোডীক অভিযোগ কৰিবলৈ তাচ্চিল্যকৰ মন্তব্য কৰি দায় সৰাৰ চেষ্টা চলায়৷ ৰে’লযাত্ৰীসকলৰ বাবে উচিত তথা উন্নত মানৰ সেৱা আগবঢ়োৱাৰ বিপৰীতে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবেই তেওঁ টুইট যোগে ৰে’ল কৰ্তৃপক্ষক অভিযোগ প্ৰদান কৰিবলৈ বাবে বাধ্য হয় বুলি অভিযোগকাৰী সত্যেন্দ্ৰ কুমাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ ইপিনে ঘটনা সম্পৰ্কে সৱিশেষ জানিবলৈ কম্পাৰ্টমেন্টত যাত্ৰা কৰি থকা যাত্ৰীসকলৰ অভিযোগ সম্পৰ্কে ৰেল আৰক্ষীৰ এটা দল উপস্থিত হয় ৷ আৰু ঘটনাটো গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি যাত্ৰীসকলক আশ্বাস প্ৰদান কৰে ৷ প্ৰনিধাণযোগ্য বিষয় যে, ৰে’ল মন্ত্ৰী সুৰেশ প্ৰভূৱে ৰে’লযাত্ৰীসকলৰ বাবে উন্নত মানৰ সা সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলেও ৰেল সমূহত খাদ্যৰ অত্যাধিক দাম লোৱাৰ বিপৰীতে অতি নিম্নমানৰ খাদ্য যোগান ধৰি আহিছে ৷ আনকি যাত্ৰী সকলৰ খাদ্য পৰিৱেশন কৰা ট্ৰে’ খনত স্বচ্ছ ভাৰতৰ লিফলেট দিয়া আছে যদিও ৰেল যাত্ৰী সকলে খাদ্য গ্ৰহণ কৰাৰ পিছত ৰেলৰ চাফাই কৰ্মী সকলে ট্ৰে-খনত ৰৈ যোৱা অতিৰিক্ত খাদ্যসমূহ দবাৰ পৰা দৰ্জাৰে ৰে’লৰ তলত পেলায় দিয়া পৰিলক্ষিত হয় ৷ এনেক্ষেত্ৰত ৰে’ল মন্ত্ৰালয়ে কেনেধৰনে বিষয়টো গুৰুত্ব সহকাৰে লয় সেয়া লক্ষণীয় হ’ব ৷ আনহাতে ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইয়ে অসম অভিমুখী অধিকাংশ ৰে’লত যাত্ৰীসকলৰ বাবে খাদ্য যোগান, চাফাই আদিকে ধৰি প্ৰয়োজনীয় সা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত সদম্ভে উন্নত মানৰ সেৱা আগবঢ়োৱাৰ কথা দায়িত্ব গ্ৰহণ কৰাৰ সময়তে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়া কিমান দূৰ কাৰ্য্যকৰী কৰি তুলিব পাৰিছে সেয়া স্পষ্ট হৈ পৰিছে বুলিও যাত্ৰী সকলে অভিযোগ কৰে ৷

Related Articles

Leave a Reply

Close