অসম

মংগলদৈত দুই জুৱাৰীক আটক

প্ৰথম খবৰ,দেওমৰনৈ: মংগলদৈ থানাৰ অন্তৰ্গত ৰামহৰি দৌল উৎসৱত জুৱা পতা বুলি আৰক্ষীয়ে বিশেষ সূত্রে খবৰ লাভ কৰি অভিযান চলায়। অভিযান কালতে সংঘটিত হয় আজৱ ঘটনাৰ। জুৱাৰীৰ দলটিয়ে খেল এৰি আগে আগে পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়েও পিছে পিছে খেদি দুজন জুৱাৰীক ধৰিবলৈ সক্ষম হয় আৰক্ষী। আটকধীন জুৱাৰী দুজন হৈছে কুৰবান আলি আৰু চাহাবুদ্দিন। আজি মংগলদৈ সদৰ থানাৰ আৰক্ষীয়ে যি তৎপৰতা গ্ৰহন কৰিলে তাৰ বাবে সচেতন মহলে শলাগ লোৱাৰ লগতে জুৱা সংস্কৃতিটো নিশেষ কৰাৰ বাবে অনুৰোধ জনাইছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close