অসম

মাছখোৱাত অৰুণাচলৰ সুৰাৰ ব্যাপক পয়োভৰ: মদৰ দোকানলৈ পৰিণত পাণ দোকান

প্ৰথম খবৰ, মাছখোৱা: ধেমাজিৰ মাছখোৱাত থকা অনুজ্ঞাপত্ৰ প্ৰাপ্ত দুয়োখন বিলাতী সুৰাৰ দোকান সাময়িকভাৱে বন্ধ থকাত অঞ্চলটোৰ চুকে-কোণে ব্যাপক হাৰত গঢ় লৈ উঠিছে অবৈধ সুৰাৰ দোকান। লক্ষনীয়ভাৱে অনুজ্ঞাপত্ৰপ্ৰাপ্ত সুৰাৰ দোকান দুখন বন্ধ থকাৰ সুযোগ গ্ৰহণ কৰি এচাম অসাধু ব্যৱসায়ীয়ে অসমত নিষিদ্ধ অৰুণাচলৰ মদৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে। আচৰিত কথা এয়ে যে মাছখোৱাৰ ব্যৱসায় কেন্দ্ৰস্থলৰ একাংশ পাণ দোকান-ষ্টেচনাৰী দোকান অতিসম্প্ৰতি অঘোষিত মদৰ দোকানলৈ পৰিণত হৈছে। আৰক্ষীয়ে এই সকলোবোৰ জানিও অবৈধ সুৰাৰ বেপাৰীসকলক নাকী লগাবলৈ সাহস নকৰাত আৰক্ষীৰ ভূমিকাক সন্দেহৰ আঙুলি টোঁৱাইছে স্থানীয় ৰাইজে। উল্লেখ্য যে, মাছখোৱাৰ প্ৰতিখন গাঁৱতে সহজতে অবৈধ মদ উপলব্ধ হোৱাত অঞ্চলটোৰ সামাজিক পৰিৱেশ কলুষিত হৈছে। উঠি অহা প্ৰজন্মক ধ্বংশ কৰা এই সামাজিক ব্যাধি শীঘ্ৰে ৰোধ নকৰিলে পৰিৱেশ-পৰিস্থিতি অধিক অৱনতি ঘটাৰ সম্ভাৱনা প্ৰকট হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close