অসম

মাজুলীত মাছ-কাছৰ অবাধ নিধন: ঐতিহাসিক ৰাৱনাপুখুৰীত বিষয়াই ধৰিছে মাছ

প্ৰথম খবৰ,মাজুলী: যি সময়ত প্ৰজননৰ বাবে মাছ, কাছ ধৰা নিষিদ্ধ আছে তেনে সময়তে মাজুলীত অব্যাহত আছে মাছ আৰু কাছৰ অবাধ নিধন। বিভাগীয় কৰ্তৃপক্ষৰ পৰা লীজত লোৱা অজুহাতত একাংশ বিষয়াই মাজুলীৰ নদী সমূহৰ লগতে বিল আৰু পুখুৰীত বিনাবাধাৰে ধৰিছে মাছ। ইফালে আহোম ৰজাদিনীয়া অসমৰ সৰ্ববৃহৎ পুখুৰী ৰাৱনাপাৰ বৰপুখুৰীটো আঠুৱা আৰু জালেৰে বৃহৎ বৃহৎ আকাৰৰ মাছ ধৰি বজাৰত বিক্ৰি কৰি আহিছে। ঐতিহাসিক পুখুৰীটো চাফা কৰাৰ অজুহাত দেখুৱাই বিষয়াই ধৰিছে মাছ। পুখুৰী চাফা হোৱাতকৈ চাফা হৈছে পুখুৰীৰ পুৰণি মাছসমূহ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সম্পাদকে প্ৰশ্ন তোলে কিহৰ স্বাৰ্থত ঐতিহাসিক পুখুৰীটো লীজত দি মৎস্য নিধনৰ লগতে বিক্ৰি সুবিধা কৰিছে? অতি সোনকালে লীজৰ ব্যৱস্থা উঠাই পুখুৰীৰ মাছসমূহ সংৰক্ষন কৰিবলৈ জিলা প্ৰশাসনক দাবি জনায়।

Related Articles

Leave a Reply

Close