অসম

মানিকপুৰত শিশুক দাৰে ঘপিয়াই হত্যাৰ অপচেষ্টা: মুমূৰ্ষু অৱস্থাত চিকিৎসালয়ত ভৰ্তি

প্ৰথম খবৰ, মানিকপুৰ: বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত মানিকপুৰৰ সমীপৱৰ্তী গোনবিন্নাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ছুলেমান আলী নামৰ এজন ৪০ বছৰীয়া লোকৰ দাৰ ঘাপত মফিদুল ইছলাম নামৰ ৮ বছৰীয়া শিশু গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’ব লগা হৈছে। প্ৰাপ্ত তথ্য মতে, মফিদুল ইছলামৰ মাকৰ ওচৰত ছুলেমান আলী নামৰ ব্যাক্তি জনে ৫ টকা পাব লগা আছে আৰু সেই টকাক কেন্দ্ৰ কৰি আজি কাজিয়া আৰম্ভ হয় আৰু ছুলেমানে খঙত অগ্নিশৰ্মা হৈ ওচৰত থিয় হৈ থকা মফিদুলক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে। দাৰ ঘাপত শিশুটো বাওফালৰ কাণ আৰু গাল কাটি গুৰুতৰভাৱে আহত হয় আৰু মুমূৰ্ষু অৱস্থাত মানিকপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়। শিশুটোৰ অৱস্থা সংকটজনক হোৱাত বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত প্ৰেৰণ কৰিছে। ইফালে ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত ছুলেমান আলীয়ে পৰিয়ালৰ সৈতে পলায়ন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close