অসম

মুকালমুৱাৰ চান্দাত ৰাভা দিৱসৰ আয়োজন

প্ৰথম খবৰ, মুকালমুৱা: কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰৰ দৰে এইবেলিও ২০ জুন মংগলবাৰে তৃতীয় বাৰ্ষিক ৰাভা দিৱস উদযাপন কৰিবলৈ মঞ্চস্থ কৰিছে চান্দা মহাবাহু ক্লাবে৷ কলাগুৰুৰ শিল্পী সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অহা ২০ জুনত দিনযোৰা কাৰ্যসূচীৰে “বিষ্ণু ৰাভা দিৱস”ৰ আয়োজন কৰা হৈছে৷ বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো “বিষ্ণু ৰাভা দিৱস” ৰূপে পালন কৰা হয় সমগ্ৰ ৰাজ্যতে। ৰাভা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া আধুনিক নৃত্য প্ৰতিযোগিতাও আয়োজন কৰিছে উদ্যোক্তাসকলে৷ আধুনিক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৪০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা আৰু তৃতীয় পুৰস্কাৰ ২০০১ টকা ঘোষণা কৰিছে আয়োজক সমিতিয়ে ৷

Related Articles

Leave a Reply

Close