অসম

মেলামৰা জুনিয়ৰ কলেজৰ সাফল্য 

প্ৰথম খবৰ, খুমটাই : যি সময়ত জনজাতি অৰ্ধঘোষিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাক লৈ প্ৰশ্ন উঠিছে ঠিক তেনে সময়তেই গোলাঘাট জিলাৰ মেলামৰা জুনিয়ৰ কলেজত বহুটো চাহ জনজাতি আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা ল’বলৈ আগবাঢ়ি আহিছে অতি ভিতৰুৱা অঞ্চলত থকা এই জুনিয়ৰ কলেজখনত। আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মেলামৰা জুনিয়ৰ কলেজৰ ফলাফলত আনন্দিত, উৎফুল্লিত কলেজখনৰ ছাত্ৰ-ছাত্ৰী লগতে প্ৰৱক্তা সকল । উল্লেখ্য যে, অধিকাংশ চাহ জনজাতি আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰা জুনিয়ৰ কলেজখনত প্ৰথম বিভাগত ১১ জন , দ্বিতীয় বিভাগত ৩৬ জন আৰু তৃতীয় বিভাগত ৮৫ জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় । কলেজ খনৰ ছাত্ৰী বিচিত্ৰা শইকীয়া দৰিদ্ৰতাৰ বাধাকো নেওচি সফলতাৰ যাত্ৰা অসমীয়া আৰু তৰ্ক বিজ্ঞান দৰ্শন বিভাগত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। জুনিয়ৰ কলেজ খনৰ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে অসমীয়া ঐচ্ছিক অসমীয়া আৰু তৰ্ক বিজ্ঞান দৰ্শনত লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে।
জুনিয়ৰ কলেজ খনৰ এই সাফল্যত সুখী কলেজখনৰ অধ্যক্ষৰ লগতে প্ৰৱক্তা সকল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close