অসম

মৰাণত প্ৰেমিকাক ধৰ্ষণ কৰি প্ৰেমিকৰূপী লম্পট পলাতক

প্ৰথম খবৰ, মৰাণ: ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তথা বামুনবাৰী আৰক্ষী চকীৰ অধিনস্থ লেঙেৰীত বেতনি গাঁৱৰ নিবাসী তথা লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিয়া কৰোৱা প্ৰলোভনেৰে লেঙেৰী বামুনবাৰী গাঁৱৰ নিবাসী দুৰ্লভ সন্দিকৈৰ পুত্ৰ দুদুল সন্দিকৈয়ে(২২) ছাত্ৰী গৰাকীৰ সতীত্ব নষ্ট কৰে ১৩ মে’ নিশা ৮-৩০ বজাত । ছাত্ৰী গৰাকীক বিয়া কৰোৱা প্ৰলোভনেৰে ঘৰৰপৰা আনি লেঙেৰী মজলীয়া বিদ্যালয়ৰ বাৰাণ্ডাত লম্পট প্ৰেমিক দুদুল সন্দিকৈয়ে ধৰ্ষণ কৰি পলাই যায় । ঘটনাৰ সন্দৰ্ভত ছাত্ৰী গৰাকীৰ পৰিয়ালে বামুনবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৯৯/২০১৭ নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰাত প্ৰেমিক ৰূপী পলাতক লম্পট টোক বিচাৰি আছে যদিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

Related Articles

Leave a Reply

Close