অসম

মৰাণত ভুৱা আলফা গ্ৰেপ্তাৰ

প্ৰথম খবৰ,মৰাণ: মৰাণত ব্যৱসায়ীক দহ লাখ টকা ধনদাবী কৰা ভুৱা আলফা সুৰেণ বৰাক খোৱাং থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ৫২ বছৰীয়া ভুৱা আলফাজনে মৰাণত ভালেকেইজন ব্যৱসায়ীক ধন দাবী কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ আব্দুল হামিদ নামৰ এজন ইটা ভাটাৰ মালিকক ধনদাবী কৰিছিল দহ লাখ টকা ৷ আৰক্ষীয়ে এই কাৰ্যত জড়িত আন এজন ভুৱা আলফা নোমাল গগৈ(৩০)কো গ্ৰেপ্তাৰ কৰিছে খোৱাং আৰক্ষীয়ে । বৰ্তমান আন এজন পলাতক ।

Related Articles

Leave a Reply

Close