অসম

যমুনামুখত ম’ৰেল পুলিচৰ তাণ্ডৱ

প্ৰথম খবৰ,ডবকা, ৰাজ্যত পুনৰ মৰেল পুলিচৰ তাণ্ডৱ। এইবাৰ ঘটনা যমুনামুখত । মোবাইল চোৰক গণপ্ৰহাৰ ৰাইজৰ। প্ৰহাৰত অচেতন হ’ল গভাইত চোৰ ৷যমুনামুখৰ কপিলিকান গাঁৱত সংঘটিত হয় এই ঘটনা ৷ কপিলিকান গাৱৰ এগৰাকী মহিলাৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছিল চোৰটোৱে। তাৰ পিছত ৰাইজে গণপ্ৰহাৰ দিয়ে চোৰটোক । অচেতন অৱস্থাত পেলাই থৈ যায় ৰাইজে। তাৰ পিছত কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে চোৰটোক। আৰক্ষীয়ে চোৰটোক চিকিৎসালয়ত ভৰ্ত্তি কৰাইছে যদিও চোৰটোৰ অৱস্থা সংকটজনক হৈ আছে। উল্লেখযোগ্য যে মাত্র কিছুদিন পূৰ্বে নগাৱত ৰাইজৰ প্ৰহাৰত দুটা চোৰৰ মৃত্যু হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close