অসম

যুৱ ব্যৱসায়ী ৰাণাজিৎ চক্ৰৱৰ্তী দেহাৱসান: শিৱসাগৰত শোকৰ ছাঁ

প্ৰথম খবৰ,গৌৰীসাগৰ: যুৱ ব্যৱসায়ী, অসমীয়া চলচ্চিত্ৰ প্ৰযোজক তথা সাংসদ বিজয়া চক্ৰৱৰ্তী একমাত্ৰ পুত্ৰ ৰাণাজিৎ চক্ৰৱৰ্তীঅাজি পুৱা ৬.৩০ বজাৰ দিল্লী গংগাৰাম হস্পিতালত শেষ নিশ্বাশ ত্যাগ কৰে। দুৰাৰোগ্য ৰোগত অাক্ৰান্ত হৈ দিল্লীত যোৱা এসপ্তাহে চিকিৎসাধীন হৈ থকা ৰাণা অাছিল বহুকেইখন অসমীয়া চিনেমা প্ৰযোজক। এখেতৰ মৃত্যুত শিৱসাগৰৰ সাংস্কৃতিক জগততো শোকৰ ছাঁ পৰিছে। শিৱসাগৰৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভা , সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদ, পৃথিৱী এন.জি.অ, মুক্তি মংগল সাংস্কৃতিক নাট্যগোষ্ঠীৰ পৰিচালক প্ৰান্তিক শৰ্মাৰ লগতে বিজেপি শিৱসাগৰ জিলা সভাপতি ভৱেন্দ্ৰ নাথ মহন,হিন্দু জাগৰণ মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close