অসম

যোগীঘোপাত ব্যতিক্ৰমী কাৰ্যসূচী জিলা পৰিৱহন বিভাগৰ: হেলমেটবিহীন বাইক আৰোহীক দিলে হেলমেট

প্ৰথম খবৰ, অভয়াপুৰী: বঙাইগাঁও জিলাৰ যোগীঘোপাত শনিবাৰে এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে বঙাইগাঁও জিলা পৰিৱহন বিভাগে ৷ যান-বাহন আইন উলংঘা কৰি বাহন চলোৱা আৰোহীক সচেতন কৰাৰ বাবে আয়োজন কৰে ব্যতিক্ৰমী কাৰ্যসূচী ৷ হেলমেট নিপিন্ধাকৈ বাইক চলোৱা আৰোহীক বিনামূলীয়া হেলমেট প্ৰদান কৰে জিলা পৰিৱহন বিভাগে ৷ মূলত: দুৰ্ঘটনা ৰোধ কৰাৰ বাবে এই পদক্ষেপ লয় ৷ জনসাধাৰণক সচেতন কৰাৰ বাবে লোৱা এই কাৰ্যসূচীক সহায় কৰে যোগীঘোপা APW সমিটিয়ে ৷

Related Articles

Leave a Reply

Close