অসম

লখিমপুৰৰ পৰা ছাত্ৰী নিৰুৰ্দ্দেশ

প্ৰথম খবৰ, লখিমপুৰ: লখিমপুৰ নগৰৰ কমলাবাৰী পথৰ ইন্দ্ৰেশ্বৰ ভূঞা মেমৰিয়েল জুনিয়ৰ কলেজ (আই বি এম একাডেমী) ৰ জ্যোতিকা দাস নামৰ ছাত্ৰীগৰাকী ১৬ মে’ তাৰিখৰ পৰা নিৰুৰ্দ্দেশ হৈ আছে । আজি কিছু বছৰ ধৰি কমলাবাৰী পথৰ ব্যৱসায়ী মোমায়েক অজিত আইচৰ ঘৰত থাকি পঢ়াশুনা কৰা নগাঁৱৰ প্ৰয়াত যুগল দাসৰ ১৬ বছৰীয়া কন্যা জ্যোতিকাই আনদিনাৰ দৰে সেইদিনাও পুৱা ৯ বজাতে শিক্ষানুষ্ঠানলৈ যায় যদিও সন্ধিয়ালৈকে ঘূৰি নহাত পৰিয়ালৰ লোকে সেইদিনাই ছাত্ৰীগৰাকীৰ নিৰুৰ্দ্দেশ সন্দৰ্ভত লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে ছাত্ৰী গৰাকীৰ সন্ধান উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক । কোনো লোকে ছাত্ৰী গৰাকীৰ সন্ধান পালে নিকটৱৰ্তী আৰক্ষীক অথবা ৮৪৮৬৮৮৯৫৭৭, ৮৪৮৬৩৬৪৭৬৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

Related Articles

Leave a Reply

Close