অসম

লামডিং-লংকা পথত বৃহৎ পৰিমাণৰ আগৰ জব্দ: ট্ৰাক সহ জব্দ ২০০ কেজি আগৰ

প্ৰথম খবৰ, লংকা: হোজাই জিলাৰ লামডিং- লংকা পথত আজি লামডিং আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত জব্দ কৰা হয় ২০০ কেজি মুল্যৱান আগৰ। লামডিং-লংকা সংযোগী ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এক গোপন সূত্ৰৰ পম খেদি এই বৃহৎ পৰিমাণৰ আগৰ সহ এ এচ ০৯ চি ৪৩০৬ আৰু এ এচ ০১ ডি চি ২৯১১ নম্বৰৰ দুখন ট্ৰাক জব্দ কৰা হয়। শিলচৰৰ পৰা হোজাইৰ নীলবাগান অভিমুখে আনি থকা অৱস্থাত জব্দ কৰা হয় আগৰ ভৰ্তি ট্ৰাক দুখন। ট্ৰাক দুখনৰ দুয়ো চালক সহ দুয়ো হেণ্ডিমেনক আৰক্ষীয়ে আটক কৰে।

Related Articles

Leave a Reply

Close