অসমশীৰ্ষ

শাৰীৰিক ভাৱে বিশেষ সক্ষম মঙ্গলদৈৰ ৰূপশিখাৰ সাফল্য: নিজে হাত-ভৰিৰে কৰিব নোৱাৰে কোনো কাম

প্ৰথম খবৰ,দেওমৰনৈ/মংগলদৈ: শাৰীৰিক অক্ষমতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে। মেধাৰ পৰিচয় দাঙি ধৰা কমলেশ্বৰ নাথ আৰু হেমন্তি নাথৰ কন্যা ৰূপশিখা নাথে ভূপেন্দ্ৰ নাৰায়ন দেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ৰূপশিখাই বিচনাত শুই বহিয়েই দিছিল মেট্ৰীক পৰীক্ষা। ৮০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৮০¸ অসমীয়াত ৮৪¸ অংকত ৬৯¸ বিজ্ঞানত ৮৪¸ সমাজ বিজ্ঞানত ৮২¸ আৰু হিন্দীত ৮০ পাবলৈ সক্ষম হয় । জন্মৰ পৰাই অক্ষম এই ছাত্ৰী গৰাকীৰ হাত আৰু ভৰিৰে কোনো কামেই কৰিব নোৱাৰে। আনৰ সহায়ৰ অবিহনে কোনো কামেই কৰিৱ নোৱাৰা ৰূপশিখাৰ সাফল্যত আনন্দত আত্মহাৰা পিতৃ মাতৃৰ লগতে ওচৰ চুবুৰীয়া। ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হৈ বিশেষ ভাৱে সক্ষম লৰা ছোৱালীৰ আদৰ্শ হব বিচাৰে ৰূপশিখাই । ৰূপশিখাৰ এনে সাফল্যত আনন্দিত মঙ্গলদৈবাসী। লগতে ৰূপশিখাক এই সাফল্যৰ বাবে সদৌ দৰং জিলা ছাত্ৰ সন্থাই অভিনন্দন জ্ঞাপন কৰিছে ৷

Related Articles

Leave a Reply

Close