অসম

শিক্ষকৰ অনিয়মীয়া উপস্থিতিয়ে অন্ধকাৰ নমাই আনিছে এচাম ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ

প্ৰথম খবৰ, খুমটাই: শিক্ষা ক্ষেত্ৰত আমোল পৰিৱৰ্তন আনিম বুলি পৰিৱৰ্তনকামী চৰকাৰখনৰ শিক্ষামন্ত্ৰী গৰাকী কৈ থকাৰ পাছতো এচাম শিক্ষকে কোনো কানসাৰ নিদিয়া পৰিলক্ষিত হৈছে ।
গোলাঘাট জিলাৰ খুমটাই মৌজাৰ গোলাঘাট কেন্দ্ৰীয় শিক্ষাখণ্ডৰ অধীনত থকা কচুপথাৰ গাঁৱৰ চৌকনা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক
দুজন ভিতৰত সহকাৰী শিক্ষক জনৰ অনিয়মীয়া উপস্থিতিয়ে বিদ্যালয়ৰখনৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনৰ শিক্ষাৰ ক্ষেত্ৰত অন্ধকাৰ নমাই আনিছে বুলি অভিযোগ আনিছে বিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱকৰ লগতে স্থানীয় সচেতন ৰাইজে । উল্লেখ্য যে, আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক সূৰ্য্য তামুলীয়ে প্ৰথম খবৰ আগত কয় যে বিদ্যালয়খনৰ সহকাৰী শিক্ষক চতিয়াম শইকীয়াৰ প্ৰায়ে অনিয়মীয়া উপস্থিতিৰ হেতু প্ৰধান শিক্ষক গৰাকীয়ে এগৰাকী স্থানীয় যুৱতীক ছাত্ৰ ছাত্ৰী সকলক পাঠদান কৰিবলৈ নিযুক্তি দিছে । আজি উপস্থিত ৰাইজে বিদ্যালয় খনৰ কন কন ছাত্ৰ ছাত্ৰী সকলক সহকাৰী শিক্ষক চতিয়াম ছাৰে পঢ়োৱাই নাই বুলি প্ৰশ্ন সুধাত ছাত্ৰ ছাত্ৰী সকলে একে মুখে কয় যে যেতিয়া আহে কম পঢ়াই আৰু বেছিভাগ সময় আমাক পকা চুলি উঘালিবলৈ কয় বুলি কয় । স্থানীয় সচেতন ৰাইজে সহকাৰী শিক্ষক জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধান শিক্ষক গৰাকীৰ জৰিয়তে শিক্ষা বিষয়াক অৱগত কৰিবলৈ দাবী জনাইছে।

Related Articles

Leave a Reply

Close